Saturday 26 January 2013

কবিতা



:উপহাৰ:

উপহাৰ

এখন সুন্দৰ পৃথিৱীৰ

জীয়াই আছো,

প্ৰয়োজন এটি প্ৰশ্নৰ উত্তৰ?

নিৰ্জনতাৰ অন্ধকাৰত গোপন অভিসাৰ

জন্মৰ পুৱা ক্ৰন্দন

আভিজাত্যৰ ডাষ্টবিনত

এতিয়া ক্ষুধাৰ তাড়না

পথৰ দাঁতিত চিৰাচিৰ সপোন

দেখিছা?

এবাৰ চোৱাচোন

আসঃ

তোমালোকৰ তৃপ্তিত 

সাৰ পাই উঠা মই এটি

গোপন উপহাৰ।

( জনসাধৰণ বাতৰি কাকতৰ দেওবৰীয়া বিশেষ কবিতা শিতানত প্ৰকাশিত ২৫-১১-২০১২)

কবিতা


  - স্বাধীনতা-

হে,

স্বাধীনতা  
এতিয়াও জ্বলিছে তোমাৰ চৌপাশ

দিকহাৰা,ঘৰহীনা, বস্ত্ৰহীনতাৰ কোলাহলৰে

তেওঁলোকে আশ্ৰয় বিচাৰিছে

নিৰাপত্তাৰ...

তুমি দিব পাৰিবানে

তোমাৰ ভগ্নদৈন্যতাৰ হৃদয়ত

সাৰে থাকিবলৈ এধানিমান

নিৰাপত্তাৰ আশ্ৰয়।
  ( সাহিত্য ডট অৰ্গ ( ই- আলোচনীত প্ৰকাশিত কবিতা)

Friday 25 January 2013

কবিতা


:- স্মৃতি:- 
  স্মৃতি 
  
(১)

এখিলা সৰাপাত
বুটলিব খোজোতেই
শুকান হৈ পৰিল,
সময় গতিশীল ....
এতিয়া
বুকুৰ সেউজীয়াবোৰ

ক্ৰমাৎ

হালধীয়া হৈ পৰিল
ঠিক স্মৃতিবোৰৰ দৰেই।

  (২)

এটি হুমুনিয়াহ

কিমান ব্যাকুলতা ব্যথিত হৃদয়ত

 এখন ছবি....

 ক্ৰমশঃ



 লীন হৈ যায় সময়ৰ এটি নিস্বাৰ্থ পৰিধিত।

Thursday 24 January 2013

কবিতা

::সুৰ:
                             
মূৰ্চ্ছনা

এটি সুৰৰ
স্পৰ্শিত আৱাহনী শূন্যতাৰ বেষ্টনীত,

প্ৰায়ে কথা পাতোঁ

গুণ-গুণাওঁ

চিনাকি
অচিনাকি

এতিয়া অচিনাকি

দুয়ো .....
দুয়োৰ পৰা নিলগত।

Wednesday 23 January 2013

কবিতা



:পঁজা:


" Hope Is The thing With Feathers that Perches

      In The Soul And Sings The Tune Without The Words "
                                                                            - Emily Dickinson


এজাক চৰাই



উৰিছে,



 ডেউকা কোবাই



পৰিধি সীমাহীন



 গোমা আকাশ,



  উদ্বেগ

  ভৰ্য়াত


সপোনৰ পঁজা।



(এদিনৰ সংবাদ বাতৰি কাকতৰ এদিনৰ কবিতা শিতানত প্ৰকাশিত ৯-১০-২০১২)

কবিতা

:সংজ্ঞা:


ঘিণ নকৰিবা



মই কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত নহয়



ফ্ৰয়েডৰ মনঃস্তাত্ত্বিক সূত্ৰ পঢ়িছা



 নাই পঢ়া ?



জীৱনৰ অনুক্ত সংজ্ঞা সময় পালে পঢ়িবা



 ৰাখি থৈ অহা



 অনুদ্দিষ্ট ডায়েৰীখনত।



( আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া অনুভূতিত প্ৰকাশিত কবিতা ১৪-১০-২০১২)

কবিতা


:কেতিয়াবা:


   (১)



এমুঠি জোনাকৰ



 সৈতে সংগোপনে



 সৰি পৰা হ’লেও,



 পলম কৰিলা



এতিয়া যে সময়ৰো কৃত্ৰিম ব্যস্ততা



 (২)



 ৰঙীন সপোনৰ



সৈতে উজাই অহা অভিমানৰ পদূলি



বিভ্ৰান্তি, অনিশ্চয়তাত



জীৱনে ফেঁকুৰি উঠিছে



অ-প্ৰাপ্তিৰ পৰিধিত।



( জনসাধাৰণ বাতৰি কাকতৰ দেওবৰীয়া কবিতা শিতানত প্ৰকাশিত ২৩-৯-২০১২)

কবিতা


:- এপলক সময়:-


 এটি ব্যস্ত পথত



অকলশৰে



নানাৰঙী সপোন



সিহঁতৰ হাঁহি ধেমালি



প্ৰশ্ন সুধিছোঁ



শৈশৱ নেকি ?



উত্তৰত মুগ্ধ হৈ ৰৈছোঁ



নিজতেই।



( দৈনিক গণ অধিকাৰ বাতৰি কাকতৰ দেওবাৰ সাহিত্য শিতানত প্ৰকাশিত ১১-১১-২০১২)

কবিতা:-




:লাইফ ইজ লাইক এ পৰট্ৰেইট:

(Life Is Like A Portrait)


ৰংবোৰৰ



মাজত দুটোপাল অশ্ৰু ওলমি ৰৈছে



কাৰ জানো....



আজি পোহৰ আৰু আন্ধাৰৰ একেই বাট,



এতিয়া নীৰৱ হৈ আছা....



নিশ্বাসৰ এটি গধুৰ শব্দৰ দৰেই



জীৱনৰ প্ৰাত্যহিকতাৰ দোমোজাত



সঁচাকৈয়ে তুমি সুখি নে !!

:-নিজৰ সৈতে কিছু অনুভৱ:-



 "Life is a Platform, You can wait for a second,
Dream will carry your Life
Nothing to Loose for a Second"

জীৱনৰ ব্যাখ্যা হয়তো মই এতিয়াও দিব পৰা হোৱা নাই !!
প্ৰকৃততে ক’বলৈ গ’লে সময়ৰ সৈতে মই একাত্ম হ’ব খোজো, কেৱল সময় বুলি ক’লে ভুল কোৱা হ’ব নিশ্চয় !! প্ৰকৃতিৰ সেউজীয়াবোৰৰ মাজত, নীলা আকাশখন মোৰ খুবেই প্ৰিয়, নদী, পথাৰ মোৰ শৈশৱ হয়তো এইবোৰৰ মাজতেই !! সেইবাবেই সময় পালেই মোৰ কেমেৰাৰ লেন্সত সময়বোৰ ধৰি ৰখাৰ প্ৰয়াস কৰো, হয়তো এইবোৰেই যে স্মৃতি সাঁচি ৰখা এটি এলবামত এই প্ৰচেষ্টা কেতিয়াবা ৰৈ যায় ! ঠিক অন্ধকাৰত ডুব যোৱা পৃথিৱীখনৰ দৰেই !!

মুকলি আকাশ
কিছু আন্দোলিত হেঁপাহ
শব্দ
প্ৰায়ে প্ৰায়ে গুণ- গুণাও”
অৱকাশ শূন্য নদীৰ সিপাৰত !!

 "হেঁপাহ" বোৰেই হৈছে জীৱনৰ এটি এটি ৰং ”
কঢ়িয়াই লৈ ফুৰে আমাৰ আশা আকাংক্ষা আৰু সেউজীয়া সপোনবোৰ !


" শব্দৰ পৃথিৱীত উমলিবলৈ অনুভৱৰ প্ৰয়াস ”
শব্দ নিসংগ
অনুভৱ তোমাৰ কষ্ট হয়নে
সুধিছিলোঁ ?
অনুভৱৰ সৈতে শব্দৰ একাত্মতা !!
চেষ্টা কৰো মাজে সময়ে প্ৰকাশ কৰিবলৈ হয়তো সেই একো- একোটা শব্দই কেতিয়াবা কবিতা আৰু অ-কবিতাৰ ৰূপ পায়। সচাঁকৈ ক’বলৈ গ’লে নিৰৱতাত কেতিয়াবা শব্দও হয়তো বিৰক্তিকৰ হৈ পৰিব পাৰে, যদিহে এখন উকা কাগজৰ সৈতে বিৰ্মূত হৈ পৰা নিশাটোত উদ্যমহীন হৈ পৰে লিখিব খোজা কলমটো ।


নিজক গঢ়াৰ সময় ! প্ৰয়াস জীৱনৰ বাটত
“Go confidently in the direction of your dreams live the life that you have imagined”
I AM NOT THE BEST ! BUT I AM NOT LIKE THE REST

জীৱনৰ সুখ, দুখ, হাঁহি, অশ্ৰু এই সকলোবোৰ সময় এখনি বোৱঁতী নদীৰ দৰে যি বৈ যায় অবিৰতভাৱে কেৱল দি থৈ যায় এটি সময়ৰ চিনাকি নাম !!

এই খিনিতে মোৰ ভাল লগা এখন কিতাপ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীদেৱৰ ” গৰখীয়া দেশ”ত উল্লেখিত কেইশাৰীমান কথা মনলৈ আহিছে: গৈ আছো মোৰ গৰখীয়া দেশত ! জানিছিলোঁ নিশ্চিতভাৱে মই এদিন মোৰ ওচৰলৈ উভতি যাম যিদৰে সকলো মানুহ এদিন উভতি যায় ঈশ্বৰৰ ওচৰলৈ কাৰণ প্ৰতিজন মানুহেই প্ৰকৃততে একোজন ঈশ্বৰৰ সৃষ্টি ।

সচাঁ কৈয়ে আমি সকলোৱে এদিন এই সুন্দৰ পৃথিৱীখন হেৰুৱাব লাগিব, বৰ কষ্ট হয় এই কথা ভাৱিবলৈ , কিন্তু এই চিৰন্তন সত্যক আজিলৈকৈ কোনেও নুই কৰিব পৰা নাই !!
আমি সদায়ে আগুৱাই যাব লাগিব সময়ৰ বাটেৰেই :-


যাত্ৰা জীৱনৰ বাটত
আকাংক্ষা
দোকমোকালিৰ সপোনৰ
প্ৰতীক্ষাৰত নিৰ্বিকাৰ সময়
বেলি ডুবা আকাশত নিশ্বাসৰ পৰশ ,
সন্তৰ্পণে হেঙুল আকাশখন চাই আছো !!
সময়ক যদি দুহাতেৰে ধৰি ৰাখিব পৰা হ’লে। 

Tuesday 22 January 2013

কেমেৰাৰ লেন্স আৰু নিজা কিছু অনুভৱ



সৰু সৰু সুখবোৰ মৰমবোৰ এনেকুৱাই লাহে লাহে বুকুখনত খোপনি লয়, চকুযুৰিত আৱেগৰ নৈ বয়.....বিভোৰ হৈ পৰো হেৰাই যোৱাৰ ভয়ত
এই যে এৰি থৈ অহা মুহূর্তবোৰ প্ৰয়াস কৰোঁ সযতনে সাঁচি ৰাখিবলৈ কেমেৰাৰ লেন্সত অথবা এটি এলবামত, কেতিয়াবা এই প্ৰচেষ্টা ৰৈ যায়, ঠিক আন্ধাৰত ডুব যোৱা পৃথিৱীখনৰ দৰেই।