Tuesday 26 February 2013

ফাগুনৰ স্নেপশ্বট ( অনুভৱৰ স্বৰ)




(১)

ফাগুনৰ পছোৱা বতাহজাক !!

সঁচাকৈয়ে ফাগুনৰ পছোৱা বতাহজাকে গুপুতে গুপুতে ছটিয়াই যায় মৰম ভালপোৱাৰ ৰংবোৰ... 
 বুজিও নুবুজা এক অবুজ অনুভৱৰ গুঞ্জন..... 

 (২)

পলাশৰ ৰঙা ৰঙা ফুল !!   

পলাশ, শিমলুৰ বুকুত এক মধুৰ আচ্ছাদন..,  
   ধূলিয়ৰী পদূলিত কিচিৰ- মিচিৰ কৰি সাৰ পাই উঠা এচেৰঙা ৰ’দত

             যেন মিচিকিয়াইছে যৌৱনৰ ভৰুণ আৱৰণ.... 
                   
          (৩)

        চঞ্চল বাউলী বতাহজাক!!

ফাগুনৰ আঁচলৰ গুণ-গুণনি শব্দত যেন ৰঙীন হৈ পৰিছে চৌপাশ,
 বাউল হৈ উঠিছে হৃদয়ৰ বাধাহীন সমস্ত দুৱাৰ.... 
  
 (৪)

বিষাদভৰা ফাগুন!!
     আত্মপ্ৰত্যয় নিংসগতাৰে ভৰা....
   
  উজাই অহা আৱেগৰ পদূলিত
  সৰি পৰিব খোজা দুটোপাল সিক্ত অশ্ৰু....
     
  (৫)

       দুষ্ট ফাগুন!!

        
      সন্ধিয়াৰ আকাশত
        ঘৰমুখী চৰাইজাকেও অবাক চাই ৰ’ল দুয়োৰে মাজৰ মৌনতাৰ ভাষাবোৰ......


          ফাগুন যে এনেকুৱাই মিঠা মিঠা চাৱনিৰে হিয়া মন জুৰায়।

                     

Sunday 24 February 2013

কেমেৰাৰ লেন্সত দুটা স্নেপশ্বট আৰু কিছু অনুভৱ




" You Don't Make A Photograph just With a Camera, you Bring to 


the Act Of Photography, all the Pictures you have seen, the books 



you have read, the music you have heard, The People you Have Loved "



- Ansel Adams



এটা কেমেৰা আৰু এখন লেন্স, এই লেন্সখনৰ জৰিয়তে যে আমি জীৱনৰ প্ৰতিটো মুহূৰ্তই বন্দী কৰি ৰাখিব পাৰোঁ, আমি কেৱল চাটাৰ(Shutter) ত আঙুলি থৈ ক্লিক কৰাৰ লগে লগেই সেই সময়খিনি আমাৰ বাবে বিশেষ হৈ পৰে, কাৰণ সেই মুহূৰ্তখিনি আমাৰ জীৱনৰ সুখ দুখবোৰৰ কথা সোঁৱৰাই দিয়ে।



Eudora Welty ভাষাত ক’বলৈ গ’লে :- 



" A Good Snapshot Stops a Moment From Running Away"



সঁচাকৈয়ে কেমেৰা আবিস্কাৰ কৰোঁতা জনক আমি ধন্যবাদ জনাবই লাগিব। তেওঁৰ বাবেই আমি 
হয়তো পৃথিৱীৰ প্ৰতিটো সৌন্দৰ্য ধৰি ৰখাৰ প্ৰয়াস কৰিব পাৰিছোঁ লেন্সত। উন্মুক্ত ৰঙীন আকাশখনৰ বুকুত যেতিয়া বেলি ডুব যোৱাৰ সময় হয় কেমেৰাৰ লেন্সত ধৰি ৰখাৰ প্ৰয়াসকে ধৰি সৰু বৰ প্ৰতিটো সৌন্দৰ্য।শুকান সৰা পাতখিলাৰ পৰা আৰম্ভ কৰি, আমাৰ চৌপাশেই প্ৰকৃতিৰ বৰ্ণময় বিভিন্ন ৰূপ আমি দেখিবলৈ পাওঁ। সেই দেখা পোৱা ৰূপবোৰ কেমেৰাৰ লেন্সৰ জৰিয়তে এক বিশেষ ধৰণে চোৱাৰ চেষ্টা কৰোঁ.. আৰু সেই চেষ্টাই এটি সুন্দৰ মুহূৰ্তৰ পৰিচয় বহন কৰে।



আজি দিনটোৰ অনুভৱ:-
__________________



স্নেপশ্বট: (১):-



কালি বাতৰি কাকতত পঢ়িবলৈ পাইছিলো যে দেশৰ সমূহ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন তথা ফেডাৰেশ্বনে আহ্বান দিয়া ২০ আৰু ২১ ফেব্ৰুৱাৰীৰ দেশজোৰা দুদিনীয়া ধৰ্মঘটৰ প্ৰতি অসমৰ কেইবাটাও ট্ৰেড ইউনিয়ন তথা ফেডাৰেশ্বনে বন্ধৰ ঘোষণা কৰিছে, সেইবাবে আজি কৰ্মস্থলীলৈ যাব লগা নহ’ল কাৰণ মই গাড়ীৰে অহা যোৱা কৰিব লগা হোৱাৰ বাবে, তথাপি কলেজৰ Director চাৰলৈ ফোন কৰি কথাটো অৱগত কৰালোঁ।



শ্নেপশ্বট:(২):-



বৰদেউতাৰ সৰু ল’ৰাজন আৰু মই বয়সত প্ৰায় ৫ দিনৰ ডাঙৰ সৰু, সেইবাবে আমি দুয়োটা বন্ধুৰ দৰে। সৰুৰে পৰাই আমাক আইতাই ল’ৱ আৰু কুশ বুলিয়ে মাতিছিল, আমি দুয়োটা একেলগে খেল -ধেমালি কৰিয়ে ডাঙৰ দীঘল হোৱা।



পুৱা ১০ মান বজাত সি আহি মোক ক’লে যে দুয়োটাৰে বন্ধ যেতিয়া অলপ ওলাই যাওঁ ব’ল ফটো উঠাবৰ বাবে, মই ভালেই পালোঁ, লগে লগেই দুয়োটা কেমেৰা লৈ ওলাই গ’লো ঘৰৰ পৰা প্ৰায় ৪ কিঃমিঃ মান দূৰত্বত থকা ৰেল ষ্টেচন এটালৈ পূৰ্ৱে পৰিকল্পনা কৰা মতেই দুয়োটাই বিষয়বোৰ বাছি লৈছিলো আজি কেনেধৰনৰ ফটো উঠাম সেই মতেই আমাৰ কাম আৰম্ভ কৰিলোঁ, ষ্টেচনৰ ওচৰে পাজৰে বহুতো অস্থায়ীভাৱে বসবাস কৰা মানুহ আছে মই কেমেৰাটো উলিয়াই দুটামান স্নেপ লৈছোহে মাথো, তেনেকুৱাতে সৰু লৰা এটা ওচৰ চাপি অহা দেখিলো, মই তাক ক’লো তোমাক মই ফটো এখন উঠাও দিয়া, সি উত্তৰ দিলে নাই নুঠো দিয়ক লাজ লাগে, তথাপি মই ক’লো একো নহয় তুমি ৰৈ থকা মই এতিয়া তোমাক ফটো উঠাম, সি মনে মনে ভাল পাইছিল কাৰণ সেই আনন্দৰ হাঁহি মই তাৰ ওঁঠত আৰু চকুত দেখা পাইছিলোঁ, তাৰ পিছতেই সি মোক ক’লে আপুনি ৰ’বচোন দেই অলপ সময়। মই আহি আছোঁ, তাৰ ঠিক পিছতেই প্ৰায় ৫ টা মান সৰু লৰা- ছোৱালী দৌৰি অহা দি আহিছে বয়স সিহঁতৰ প্ৰায় ৩ বছৰৰ পৰা ৮ বছৰৰ ভিতৰত হ’ব, সিহঁতে আঁতৰৰ পৰাই কৈ অহা শুনিছিলো আমাক ফটো উঠাব ব’ল ব’ল...



আজি সিহঁতৰ লগতেই আগবেলাটো পাৰ কৰিলোঁ ইটোৰ পিছত সিটোক এখনকৈ ফটো উঠালো, নাইবা কাৰোবাক একেলগেই উঠালো, মোৰো সেই সময়খিনি খুবেই আনন্দৰ আছিল আৰু লগতে মোৰ দুখ লাগিছিল সেই কণমানি কেইটাৰ জীৱন আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি, সেই কথাই মোক বহুত সময় ধৰি খুন্দিয়াই থাকিলে বুকুৰ ভিতৰতে।



অলপ সময়ৰ পিছতেই আমি সিহঁতৰ পৰা বিদায় লৈছিলো, বিদায় লোৱাৰ সময়ত সকলোকে চকলেট খাবৰ বাবে আমি দুয়োটাই সৰুকৈ কিবা এটা দিছিলো।



অলপ দূৰৰ পৰা সিহঁতে চিঞৰি কৈছিল আপোনালোক কাইলৈ আকৌ আহিবনে বাৰু ফটো উঠাবৰ বাবে... 



সিহঁতলৈ চাই আমি হাঁহিছিলো, যদিও ক’ব নোৱাৰাকৈয়ে বুকুখনত কিবা এটা খুব কষ্ট পোৱা যেন অনুভৱ কৰিলোঁ।



বহুতেই মোক কয় যে মই বেছিকৈ ৰংহীন ছবি উঠাও, অৰ্থাৎ Black and White Mood বুলি যাক কোৱা হয়, আচলতে সেই ছবিবোৰৰ মাজেৰে মই অনুভৱ কৰা কথাবোৰ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰোঁ, আৰু লগতে সদায়ে চেষ্টা কৰোঁ মোৰ ছবিবোৰে যেন কথা কয়।



" When You Photograph People in Colour, You Photograph their Clothes, but When you Photograph People In black and White, You photograph Their Souls"



এইদৰেই পাৰ হয় সময় 



জীৱনৰ ৰংবোৰ সদায়ে মোৰ লগতেই থাকে, কাৰণ সেই ৰংবোৰৰ মাজত যে মোৰ মাজৰ মইটোক বিচাৰি পাওঁ। 

কবিতা




:মাজনিশা:

এটি চিঞৰ

মায়াবী নিশাটিও মাতাল হৈ পৰিছে

তই এতিয়া বিৱৰ্জিতা

উশাহ হেৰুৱাৰ বেদনাত,

এটি কান্দোন

নিষ্কলুষ দেহ মাথো পৰি ৰওঁ এটি প্ৰাণহীন কোঠালীত

স্পৰ্শ সুখত মতলীয়া নহয়

জীয়াই থকাৰ স্বাৰ্থত

সম্বন্ধ... ?

কি ক’ম

হাঃ হাঃ

সকলো কৃত্ৰিম!!!

ক্ৰমশঃ

দুৰাৰোগ্য অসুখ এটাই দেখা দিছে

জানেনে.. ?

সৰ্বশৰীৰতেই।

কবিতা



:কথোপকথন:

সুধিম বুলি ভাবিছিলোঁ
ব্যস্ত জীৱনটোত আপুনি বাৰু
কিমান সুখী ..... 
যশ স্বীকৃতিৰ বাবে কেতিয়াবা
বিনিময় কৰিছে নেকি ?
জীৱন...
প্ৰশ্নটো জটিল
বেয়া নাপাব
অথবা
কথাটো অন্য ধৰণে নল’ব
শুনিছোঁ,
আপোনাৰ সম্পৰ্ক.... ?
নাই !!
নোসোধোঁ দিয়ক
কি কৰিব
আজিকালি সম্বন্ধও কৃত্ৰিম হ’ল
আচলতে,
কি জানে সুখ, দুখ
এটা মুদ্ৰাৰ ইপিঠি - সিপিঠি
পিছে,
বৰ্তমান বজাৰত এই মুদ্ৰা মূল্যহীন আৰু অচল
যিয়েই নহওক...
আন্তৰিকতা এটা থকাৰ বাবেই ভাবি থকা কথাখিনি সুধিলোঁ
বেয়া নাপাব !!

প্ৰত্যুত্তৰত
নিষ্প্ৰভ উত্তৰ।

পৰিশিষ্ট:- ব্যক্তিগত আলাপ

কবিতা



:বেটুপাত:

তেওঁ তোমাক মাতিছে

বহুদিন দেখা নাই!!

ব্যস্ততা.. ?

অহঃ

পাহৰিছিলোঁ

তুমিতো এতিয়া স্নেপশ্বট

ৰঙীন আলোচনীৰ বেটুপাতত।

কবিতা


     অনুভৱৰ স্বৰ
        (১)
         সুবাস

এপাহি ফুল সৰি পৰিল

ভগ্ন বুকুৰ ওপৰতেই

নিৰ্বাক সময়

ৰৈ গ’ল

সুবাসৰ স্নিগ্ধতা...

(২)
 জোনাক

নিশা জোনাকৰ টুকুৰা

নীৰৱে সৰিছে,

নিৰ্জন কোঠালীত

অপেক্ষা
উৎকন্ঠা
উন্মুক্ত
স্পৰ্শিত নিশ্চুপ হৃদয়।

                                                                                              

কবিতা



:শৈশৱ:
স্মৃতি বিজড়িত
অহৰ্নিশে কঢ়িয়াই লৈ ফুৰে
সপোন দেশত ওমলি ফুৰা দিনবোৰৰ কথা
উভতি যাম ....
পদূলিমুখত লগৰীয়াৰ স’তে খেলা দিনবোৰলৈ
" ৰজাই হুকুম দিছে......
এদিম ছেদিম বা "

তাৰ মাজতেই কাৰোবাৰ ঠেহভৰা অভিমানবোৰ
হাঁহি, কান্দোন .......
বেছিকৈ যে মইয়ে কান্দো
অজানিতেই ......
এতিয়া..
আকৌ বিচাৰোঁ সেই দিনবোৰ
বহু দূৰৈত
মোৰ পৰা ....
দিবানে ঘুৰাই
এটি এটি পল
এটি এটি ৰং
এটি এটি সপোন।

কবিতা



: তুমি:
কক্ষচ্যুত নহ’বা কাহানিও
উশাহৰ ৰুদ্ধ গতিত
তোমাৰ সৈতে শূন্যতাৰ আলাপ
প্ৰতিটো উজাগৰী নিশাত
তুমি জানো জানা.. ?
নিশ্বাসত অহৰহ তোমাৰেই অনুৰাগ
বুজানে তুমি
তোমাৰ হৃদয়ৰ কাঠিন্যবোৰক,
অ-প্ৰাপ্তিৰ সংজ্ঞা মোক নুসুধিবা
নিশাৰ
নীৰৱতাৰ ছন্দোময়তাত
গলি নিঃশেষ হৈ যোৱা
আজন্ম ভালপোৱাবোৰ


এতিয়া

অভিমানৰ অশ্ৰু হৈ বাগৰি আহিছে
দুচকুৰে...

কবিতা



:ফাগুন:

এজাক বতাহ বলিছে


অতিকৈ চিনাকি

অনুভৱ কৰোঁ হৃদয়ৰ
গভীৰ আচ্ছাদনত
প্ৰতিবাৰৰ দৰেই,
তোমাৰ স্পৰ্শত বাস্তৱহীন সপোন এটাই
দোলা দি যায়
কিয় বাৰু.. ?
যদিওবা
অনুভৱৰ কেনভাছ এখনত আঁকিব খোজো তোমাক
ৰৈ যাওঁ...
নিথৰ কৰ্কশ হৈ পৰা ৰংবোৰৰ মাজত
তথাপি,
তুমি মোৰ প্ৰিয়
জানানে.. ?
মইয়ো যে তোমাৰ দৰেই
বিষাদ ভালপোৱা এখনি ছবি।

(আমি অসমীয়া ই- আলোচনীত প্ৰকাশিত)

প্ৰবন্ধ: সুকুমাৰ কলাবিদ শ্ৰীমন্ত শংকৰদেৱ




  প্ৰাচীন ভাৰতীয় সংস্কৃত সাহিত্যত ৬৪ বিধ কলাৰ বিৱৰণ পোৱা যায়।পৰৱৰ্তীসময়ত ৬৪ কলাকে কাৰু কলা আৰু সুকুমাৰ বা চাৰু কলা নামেৰে দুটা প্ৰধানভাগত ভাগ কৰা হৈছিল। কাৰু কলাক ব্যৱহাৰিক কলা বুলিও কব পাৰি, যিয়ে মানুহৰ দৈনদ্দিন অভাৱ পূৰণ কৰে।সুকুমাৰ কলাক চাৰু কলা বা ললিত কলা হিচাপেও অভিহিত কৰিব পাৰি, মানুহৰসুকুমাৰ অনুভূতিসমূহক উজ্জীৱিত কৰি মানসিক বা নান্দনিক আনন্দ প্ৰদানকৰাই হল সুকুমাৰ কলা। অৰ্থাৎ সুকুমাৰ কলাৰ উপযোগিতা হৈছে ব্যক্তি বিশেষৰ চিত্ত বিনোদনৰ হকে।একশৰণ নামধৰ্মৰ প্ৰৱৰ্ত্তক শংকৰদেৱ গুৰুজনা বহুমুখী প্ৰতিভাসম্পন্ন আৰুঅসাধাৰণ সামৰ্থ্যৰ পুৰুষ আছিল। গুৰুজনাৰ সৃষ্টিকৰ্মলৈ ভালকৈ মন কৰিলে তেওঁ সমগ্ৰ বিশ্বৰ এজন সুকুমাৰ কলাবিদ হিচাপে আখ্যা দিব পাৰি। লগতে তেওঁ নামঘৰ- সত্ৰৰো উদ্ভাৱক আছিল।গুৰুজনাৰ সৃষ্টি সুকুমাৰ কলাসমূহক নিম্নোক্ত ধৰণে উল্লেখ কৰিব পাৰি:
১) সাহিত্য:- মহাপুৰুষ গুৰুজনাৰ ভক্তি তত্ত্বমূলক কাব্যগ্ৰন্থ, নাট, গীত, পদ নাম, প্ৰসংগ আৰু অনুবাদমূলক সাহিত্যৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰি থৈ গৈছে। তেখেতৰ দ্বাৰা সৃষ্টি সমগ্ৰ সাহিত্যৰ মাজেদি ভাগৱত ভক্তিৰ ৰসধাৰা মানৱ সমাজলৈ দান কৰিছে, কীৰ্ত্তন, দশম, গুণমালা আদি তেখেতৰ সাহিত্য কৰ্মৰ অপূৰ্ব কীৰ্তি। কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰাই তেওঁৰ সাহিত্যৰ মূখ্য উদ্দেশ্য আছিল যদিও সিবোৰ উত্‍কৃষ্ট সাহিত্যকৰ্ম হিচাপেও বন্দিত হৈছে।
২) সংগীত:-  মহাপুৰুষ শংকৰদেৱ আছিল এগৰাকী নিপুণ সংগীতজ্ঞ।একেধাৰে
গীতিকাৰ, সুৰকাৰ, গায়ক, বাদক, আৰু নৰ্ত্তক। তেওঁৰ বৰগীত, ভটিমা, টোটয়
আদিৰ উপৰিও অংকীয়া নাটৰ বাবে লিখি উলিয়াইছিল ভালেমান অংকৰ গীত, এই গীত
সমূহেই আছিল ভাৱ ভাষাৰ সুৰৰ, মাধুৰ্যৰে সমৃদ্ধ উচ্চ নৈতিক ভাৱাদৰ্শপুষ্ট, যজ্ঞভক্তি মাহাত্ম্যসূচক। ৰাগ সম্বলিত উপাসনা প্ৰাৰ্থনা সংগীত হিচাপে ব্যৱহৃত বৰগীতৰ উপৰিও গুৰুজনাৰ দ্বাৰা ৰচিত অন্যান্য গীতসমূহে সাংগীতিক মূল্যৰে উচ্চমান বিশিষ্ট, অংকীয়া নাটৰ গদ্যশৈলীতো পৰিদৃশ্য হৈছে গীতি ধৰ্মিতা, ইয়াৰোপৰি, মহাপুৰুষ জনাই নিজেই নগাঁও কপিলীমুখৰ কুমাৰৰ সহযোগত সাজি উলিয়াইছিল সংগীতৰ অপৰিহাৰ্য খোল বাদ্য, শালমাৰাৰ মূচীৰ হতুঁৱাই চোৱাইছিল সেই খোলৰ চামৰা, নিজ হাতে দিছিল ঘুণ।

অনান্য লোকবাদ্য সমূহকো সংগত কৰি গুৰু জনাই সৃষ্টি কৰিছিল অপূৰ্ব সুৰ সমলয়। অংকীয়া নাটৰ আয়োজনত সৃষ্টি কৰিছিল বিবিধ নৃত্যশৈলীৰ, নৃত্যৰ বাবে প্ৰয়োজনীয় মাটি আখৰাৰ সৃষ্টি কৰিছিল সূত্ৰধাৰী নৃত্যৰ, কৃষ্ণ নৃত্য  বৰ পৰিৱেশৰ নৃত্য, গুণী নৃত্য, চালি নৃত্য, যাদু ভংগী আদি বিবিধ নৃত্য।
৩) চিত্ৰ শিল্প:- সুকুমাৰ কলাৰ আন এবিধ উপাদান চিত্ৰ শিল্পটো আছিল নিপুণ,
চিহ্নযাত্ৰাৰ বাবে আঁকি উলিওৱা চিত্ৰপটতে পৰিস্ফুত হৈছিল তাৰ দক্ষতা, সপ্ত বৈকুন্ঠৰ চিত্ৰ, পাৰিষদসকলৰ চিত্ৰৰ উপৰিও ভগৱান কৃষ্ণৰ জন্মৰ পৰা বৈকুন্ঠ প্ৰয়াণলৈ, অপূৰ্ৱ দক্ষতাৰে অঁকা পটসমূহৰ বিৱৰণচৰিত পুথিত পোৱা যায়। তদুপৰি সিংহাসন, সাঁচি পাতৰ পুথিত চিত্ৰ আদিৰ উপৰিও ভাওনাত ব্যৱহ্যত হোৱা হেঙুল হাইতাল বুলোৱা চিত্ৰসমূহে মহাপুৰুষ জনাৰ অপূৰ্ব চিত্ৰ নিপুণনতা প্ৰমাণ কৰে। এই চিত্ৰ কলাৰ দ্বাৰা নিৰক্ষৰ জনসাধাৰণক সন্মোহিত কৰি কৃষ্ণ চৰিতামৃত পান কৰোৱাত অভূতপূৰ্বৰূপে সফল হৈছিল। আনকি কোঁচৰজা নৰনাৰায়ণেও গুৰুজনাৰ দ্বাৰা একে ৰাতিতে বাতি কাঢ়ি বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰ ভাগৰ অপৰূপ চিত্ৰত মোহিত হৈছিল।

৪) স্থাপত্যবিদ্যা:- স্থাপত্যবিদ্যা হৈছে নিৰ্মাণ বিদ্যা, মঠ, মন্দিৰ, গৃহ আৰু প্ৰাচীৰ আদিৰ নিৰ্মাণ কৌশলসহ  স্থাপত্য বিদ্যাত সুকুমাৰ কলাৰ মৰ্যাদাৰে। ৰাম নামৰ স্মৰণ, বন্দন,শ্ৰৱণ কীৰ্ত্তনৰ বাবে শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰতিষ্ঠা কৰিলে নামঘৰ। এই নামঘৰ অসমীয়া জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ। সাংস্কৃতিক সম্পদত চহকী অসমীয়া জাতিৰ বাবে
নামঘৰ এক অনন্য সম্পদ। নামঘৰৰ নিৰ্মাণ কাৰ্যই যি স্থাপত্য কৌশল প্ৰয়োগ
কৰিলে সিয়েই মহাপুৰুষজনাক বাস্ত্ৰ, শাস্ত্ৰবিদৰূপে প্ৰতিষ্ঠা কৰে। স্থানীয়ভাবে উপলব্ধ কাঠ,বাঁহ, বেত, খেৰ, ইকৰা, বিৰিণা, নল-খাগৰি আদিকে ব্যৱহাৰ কৰি চালে চকুৰোৱা সৌন্দৰ্যৰে বন্দিত কৰাত গুৰুজনাৰ মাটিৰ ওখ ভেটিৰ ওপৰত কাঠৰ খুটা, কাঠৰ চকী, বাঁহৰ কামী, মাৰলি ব্যৱহাৰ কৰি নল-খাগৰিৰ বেৰা আৰু ধানখেৰৰ চালেৰে নামঘৰ সজাৰ আৰ্হি দেখুৱাইছিল। বেৰবোৰ মাটিৰ ভেটিৰ পৰা ২ হাত মান ওখকৈ দি চালৰ পৰা অধিকাংশ মুকলিকৈ ৰাখিছিল যাতে বাহিৰৰ ৰদ বতাহ ভালদৰে সোমাব পাৰে। তদুপৰি জাত-পাতৰ কোনো ভেদাভেদ নাৰাখি সকলোৰে বাবে নামঘৰৰ দুৱাৰ মুকলি কৰি ৰখাৰ উদ্দেশ্য যেন নিহিত আছিল। বানপনী, ভূমিকম্প, আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগতো এই নামঘৰৰ গাঁথনিগত কাৰণতে সুৰক্ষিত হৈছিল। নামঘৰৰ কেতবোৰ বিশেষত্ব আছে:- তাৰে ভিতৰত প্ৰধান বিশেষত্ব হল:- ধৰ্মীয় উপাসনাস্থলীৰ উপৰিও ই সামজিক ন্যায় আৰু সমতাৰ বিচাৰ মন্ত্ৰ, ধৰ্মীয় অনুষ্ঠান হিচাপে নামঘৰ অসমৰ সাংস্কৃতিক জগতত চতুৰ্দশ- পঞ্চদশ শতিকাৰ পৰা বৰ্তমানলৈকে এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে। পুৱাৰ প্ৰাৰ্থনা কৰাৰ পৰা সন্ধিয়াৰ প্ৰাৰ্থনালৈকে নামঘৰৰ সৈতে
অসমীয়া জনসমাজ জড়িত হৈ আছে। এই নামঘৰৰ পৰা আকাশে বতাহে ধ্বনিত হৈছে হৰি নামৰ জয়জয়কাৰ।

৫) ভাস্কৰ্য্:- ভাস্কৰ্য্ শিল্পী হিচাপেও শংকৰদেৱ গুৰুজনাৰ নিপুণতা প্ৰশংসনীয়। গুৰুজনা সৰ্বসাধাৰণৰ মাজত কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰচাৰৰ উদ্দেশ্য ভাওনা বা অংকীয়া নাটকক মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। সেয়ে অনন্য সা-সংৰঞ্জাম:- গৰুড় , গণেশ, কালিনাগ, আদিৰ মুখা, গদা, তৰোৱাল শঙ্খ আদিবোৰ নিৰ্মাণ কৰিছিল। ভাওনাৰ অপৰিহাৰ্য সঁজুলি যেনে:- সিহাংসন,পুথি, থগা, শৰাই, বন্তি, অগ্নিগড় আদিৰ বিবিধ ভাস্কৰ্য গুৰুজনাই নিজে আৰু শিষ্যসকলৰ সহযোগত কৰাইছিল। এইবোৰৰৰ সুন্দৰ অবয়ৱ, ৰং আদিয়ে দৰ্শকৰ মন আকৰ্ষণ কৰিছিল।
মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অন্তৰত উপলব্ধ ভাগৱত ভক্তি মাহাত্ম্য, সহস্ৰজনৰ
অন্তৰলৈ বোৱাই দিয়াৰ উদ্দেশ্য সুকুমাৰ কলাৰ উপাদানসমূহক তেওঁ যথাযোগ্য
ব্যৱহাৰ কৰিছিল আৰু সফলো হৈছিল। এই  ক্ষেত্ৰত  মহাপুৰুষ গুৰুজনাৰ সৃষ্টি
কৰ্মলৈ চাই তেওঁক পৃথিৱীৰ শ্ৰেষ্ঠতম সুকুমাৰ কলাবিদ সকলৰ মাজত এজন বুলি
কোৱাৰ যথেষ্ট থল আছে।

( প্ৰকাশিত প্ৰবন্ধ, ১০ ফ্ৰেব্ৰুৱাৰী)

কবিতা




:-অন্তহীন-:

ধুসৰিত হৈ পৰা

অৱকাশৰ মাজত দোদুল্যমান প্ৰতিশ্ৰুতি...

ঠিকনা

অচিনাকিটোও নহয়

ৰ’দজাকৰ সৈতে ওমলিম...

বৰষুণ জাকত তিতিম


সীমনাত

ৰৈ যোৱা তৃষ্ণাৰ্ত হেঁপাহ

ক্ৰমশঃ

নৈৰ ঘাটৰ

বতাহজাকত ভাঁহি আহিল বিষাদময় যন্ত্ৰণা।

কবিতা



:-উৰুখা পঁজা:-


আজি গোটেই দিনটো
উৰুখা পঁজাটোত
শব্দৰ খিলখিলনি
টোপ...
টোপ... 



" আই অ ’



তইনো আৰু কিমান
টুকিবি....
মজিয়াৰ পানী

এইবাৰ ব’হাগ পোৱাৰ আগেয়ে

ঘৰৰ চালখন নতুনকৈ চোৱাব লাগিব !! 

চাওঁচোন.... 

বেৰৰ-চালৰ খুঁটাৰ খোৰোঙত সাঁচতীয়া টকা কেইটামান থাকিব লাগে হ’ব পায় !!

( আমাৰ নগাঁও কাকতৰ সাহিত্য শিতানত প্ৰকাশিত)



কবিতা

                             

:শৰত:

এটি সন্ধিয়া

স্তিমিত জোনাক

অপেক্ষাৰত

প্ৰতিশ্ৰুতিবদ্ধ সময়,

পদূলিত এতিয়া....

নিয়ৰৰ নিশ্বাস

সৌৱা চোৱা

শৰত আহিছে

তোমালৈ শুভ্ৰ শেৱালিৰ
স্নিগ্ধ সুবাস।

( আমাৰ নগাঁও কাকতৰ শৰত বিশেষ সাহিত্য শিতানত প্ৰকাশিত, ৩ অক্টোবৰ)

কবিতা


:হৃদয়:
(১)

এনেকৈয়ে এদিন....
মোৰ দুচকুৱে তোমাক দেখা পাইছিল প্ৰথমবাৰৰ বাবে
হঠাৎ
এজাক বৰষুণ
হৃদয়ৰ এটি কোঠালীৰ পৰা
কেৱল তোমাৰ বাবে......
(২)

এই বাটটিৰে তুমি যেতিয়া অহা
মোৰ হৃদয়ত এজাক বৰষুণ নামে
হয়...
এইজাকেই যে প্ৰথমজাক বৰষুণ হৃদয়ৰ
তিতিছিল আৱৰণ খুলি 
কেৱল তোমাৰ বাবেই.....
(৩)

আজি আকৌ এজাক বৰষুণ
বিষাদভৰা হৃদয়ৰ
ভাগৰুৱা দুচকুৱে কান্দো বুলিও
কান্দিব পৰা নাই
কিয় জানো...
অশ্ৰুও যে আজি নিৰ্বাক দুচকুতে 
কেৱল তোমাৰ বাবেই

( জনসাধাৰণ কাকতৰ দেওবৰীয়া ইত্যাদিত প্ৰকাশিত, ৭ অক্টোবৰ ২০১২)

কবিতা

   
:দুটা স্তৱক:

(১)
স্বপ্ন

জীৱনৰ স্বৰ্ণাভ স্বপ্ন
স্বপ্নৰ আলোকিত পথ,
যান্ত্ৰিকতাৰ উশাহহীনতাত
সেমেকি উঠা পথৰ দাঁতিত শাৰী শাৰী
জৰ্জৰিত স্বপ্ন

(২)
তৃপ্তি

নিশা গভীৰ
ঠিকনা পৰিচয়...
প্ৰয়োজন জানো?
নিৰ্জনতাৰ অন্ধকাৰত
এতিয়া
আভিজাত্যৰ নিলৰ্জ্জ
তৃপ্তি।

(আমাৰ নগাঁও কাকতৰ সাহিত্য শিতানত প্ৰকাশিত, ২৬ ডিচেম্বৰ ২০১২)

কবিতা



 : জীৱন:

কিছু 

সজীৱ স্মৃতি

অনুৰণিত স্পন্দন,

কেতিয়াবা উশাহত

নিঃশব্দত

জীৱনৰ ক্ষণ, আশা,

আৱেগ

অসম্পূৰ্ণ

অনুলিখিত।

( দৈনিক গণ অধিকাৰ সাহিত্য শিতানত প্ৰকাশিত ৩০ ডিচেম্বৰ ২০১২)

Saturday 23 February 2013

কবিতা




:-ভূমিষ্ঠ:-

তুমি পৃথিৱীখন 

ভালদৰে দেখা নাই !!

হয়..... 

আপুনি ভবাৰ দৰে মই পৃথিৱীখন চিনিবলৈ শিকা নাই !!

যিদিনা মাতৃ গৰ্ভৰ 

আমবিলিকেল কৰ্ডৰ পৰা বিচ্ছিন্ন হৈছিলোঁ !!

কেৱল কান্দিছিলোঁ

ভূমিষ্ঠ হোৱাৰ সুখত

হয়..... 

আপুনি ভবাৰ দৰে 

মই নহয়!!

মোৰ এখন নিজা সৰু পৃথিৱী আছে। 

( বিঃদ্ৰ:- আমবিলিকেল কৰ্ড ( Umbilical Cord:- Birth Cord)