Monday 2 December 2013

:দুখন নাটকৰ কথাৰে:

                   


 (১)


" বিশিষ্ট সাহিত্যিক ঔপন্যাসিকা ৰীতা চৌধুৰীৰ উপন্যাস " পপীয়া তৰাৰ সাধু" ৰ নাট্যৰূপ
_________________________________________________________

উপন্যাসখন বহু বছৰ আগেয়ে এবাৰ নহয় দুবাৰকৈ পঢ়িছিলো, কাৰণ এই উপন্যাসখনৰ বৈশিষ্টই এনেকুৱা যে কিতাপখনৰ প্ৰতিটো পৃষ্ঠাৰ মাজত প্ৰতিটো চৰিত্ৰৰ গভীৰতাই পাঠকৰ মনটোক প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণৰূপে নিবদ্ধ কৰি ৰাখে বিষয়বস্তুৰ ওপৰত। কাৰণ এই কিতাপখনে সাহিত্য আৰু সংবাদ জগতৰ এক নিৰ্মম আৰু অন্ধকাৰ সত্যৰ দিশ উন্মোচিত কৰিছিল। 
 ব্যৰ্থ  ব্যৰ্থ বুলিয়ে ক’ব লাগিব !!
 উজ্জ্বল জীৱনৰ সম্ভাৱনা লৈ ওলাই অহা এজনী প্ৰাণচঞ্চলা ছোৱালীৰ এই পৰিসমাপ্তিক ব্যৰ্থতা বুলি নকৈ কি কোৱা হয়..... 
 তাইতো -
 এই কথাখিনি যশস্বী ঔপন্যাসিকা ৰীতা চৌধুৰীৰ " পপীয়া তৰাৰ সাধু" নামৰ উপন্যাসখনৰ। 
 যোৱা ৪ জুন ’ৰ সন্ধিয়া ৬-৩০ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা গুৱাহাটীৰ অন্যতম নাট্যগোষ্ঠী পূৰ্বৰংগ আৰু সেই উপন্যাসখনৰ আধাৰত মৃদুল তালুকদাৰৰ দ্বাৰা নাট্যৰূপ লগতে নাটখনৰ পৰিকল্পনা, পৰিচালনা যশস্বী নাট্যকাৰ গুণাকৰ দেৱগোস্বামী আৰু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট "পপীয়া তৰাৰ সাধু" উপভোগ কৰিলো। 
 নাটখনত উপন্যাসখনৰ দৰেই হুবহু প্ৰতিটো চৰিত্ৰ উপস্থাপন কৰা হৈছে। 
 ছোৱালীজনী ডাঙৰ লেখিকা আৰু প্ৰখ্যাত সাংবাদিক হোৱাৰ সপোন এটা লৈ গাঁওৰ পৰা চহৰলৈ আহিছিল, কিন্তু সেই সপোনবোৰৰ পিছত তাই দৌৰোতে নিজৰ লগতে পৰিয়ালৰ সকলোকে হেৰুৱাই পেলাইছিল, সাহিত্য আৰু সংবাদ জগতৰ প্ৰতিষ্ঠিত আৰু যশস্যাৰ উচ্চ আসনত বহি থকা মানুহৰ সৈতে একেলগে থিয় হৈ থকাৰ এক প্ৰবল হেঁপাহ আছিল। কিন্তু তাই নোৱাৰিলে। যিসকলৰ ব্যক্তিত্বক তাই সন্মান কৰিছিল, নিজৰ বাবে ভগৱান বুলি ভাবিছিল সেইসকলেই তাইক নিৰ্মমভাৱে শৰীৰ ব্যৱহাৰ কৰি দলিয়াই পেলাই দিছিল। যেতিয়া তাই নিজক বিচাৰি পাইছিল সকলোবোৰ যেন শেষ হৈ গৈছিল। আকাশৰ উজ্জ্বল নক্ষত্ৰ হ’ব নোৱাৰি অৱশেষত তাই এটা পপীয়া তৰা হৈ খহি পৰিছিল। 
 এয়াই হৈছে নাটখনৰ এটি কৰুণ পৰিসমাপ্তি।
 অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি নাটকখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।
 এই সুযোগতে ৰীতা চৌধুৰী, মৃদুল তালুকদাৰ, গুণাকৰ দেৱগোস্বামী আৰু লগতে নাটকখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ

(২)


বিশিষ্ট নাট্যকাৰ নিৰঞ্জন  ভূঞাৰ ৰচনা আৰু পৰিচালনাৰে "অৰ্ধ-সত্য: দ্য হাফ ট্ৰুথ"
___________________________________________________________ 

যোৱা ৭ মে’ৰ সন্ধিয়া ৬-৩০ বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা অসমৰ অন্যতম অপেছাদাৰী নাট্যদল গুৱাহাটীৰ অসম ৰংগ কথাৰ শেহতীয়া নাটক বিশিষ্ট নাট্যকাৰ নিৰঞ্জন ভূঞাৰ ৰচনা, পৰিচালনা আৰু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত ’অৰ্ধ-সত্য: দ্য হাফ ট্ৰুথ উপভোগ কৰিলো। 
 তেওঁ নাটকখনৰ জৰিয়তে বৰ্তমান সময়ৰ আমাৰ দৈনন্দিন সমাজ জীৱনত প্ৰায়ে দেখি থকা কিছুমান সমস্যাক ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে অতি সুন্দৰ ভাবে উপস্থাপন কৰিছে। প্ৰতিদিনেই মানুহৰ অৱচেতন মনটোৰ লগত হোৱা মানসিক দন্দ্ব আৰু চেতন মনটোৰ লগত হৈ থকা কিছুমান অভিজ্ঞতাৰ জটিল ৰূপটোক লৈ ৰচনা কৰা হৈছে নাটকখনৰ মূল বিষয়বস্তু। নাট্যকাৰে নাটকখনৰ চৰিত্ৰসমূহ অতি সুক্ষ্মভাবে পৰ্যবেক্ষন কৰি দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত প্ৰতিজন শিল্পীয়ে তেওঁলোকৰ চৰিত্ৰসমূহ অতি সুন্দৰ ভাবে ফুটাই তুলিব পাৰিছে। তাৰোপৰি নাটকখনৰ আন আন দিশসমূহ যেনে :- সাজসজ্জা আৰু দৃশ্যসজ্জা, ৰূপ- সজ্জা আৰু আৱহ সংগীতেও উপস্থিত দৰ্শকসকলৰ মন আকৃষ্ট কৰিবলৈ সক্ষম হৈছে।
 এই সুযোগতে নিৰঞ্জন ভূঞাৰ লগতে নাটকখনৰ লগত জড়িত থকা প্ৰতিজন কলা - কুশলীক আন্তৰিক শুভেচ্ছা জনালোঁ। 
  - ইন্দ্ৰনীল গায়ন

No comments:

Post a Comment